August 2, 2026 11:48 AM | Pijush Hazarika

printer

শিৱসাগৰত কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াবৰ্গৰ সৈতে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক

ৰাজ্য চৰকাৰে বানৰ ফলত খেতিৰ সময় পাৰ হৈ যোৱাৰ বাবে ধান খেতি কৰিব নোৱৰা খেতিয়কসকলক আগৰ, নাৰিকল, কঁঠাল, ডাঙৰ বগৰীৰ পুলি প্ৰদানৰ লগতে তিল, মাটি দাইল, মচুৰ দাইল, মণ্ড দাইলৰ খেতি কৰাৰ সুবিধা কৰি দিব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। 

শিৱসাগৰত কালি কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াবৰ্গৰ সৈতে দীঘলীয়া পৰ্যালোচনাৰ অন্তত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে। তেওঁ কয়, যে যিসকল কৃষক পৰিয়ালৰ পথাৰৰ পৰা পানী ওলাই গৈছে তেওঁলোকক কঠিয়া দিয়াৰ ব্যৱস্থা কৰা হৈছে। পোনপটীয়াকৈ ধান সিঁচাৰ ব্যৱস্থা কৰিও খেতিয়কসকলক সকাহ দিয়াৰ যতপৰোনাস্তি চেষ্টা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কয়, যে কৃষি বিভাগে খেতিয়কসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে যিমান দূৰ সম্ভৱ সকলোখিনি কৰিব। তেওঁ ১৫ দিনৰ মূৰে মূৰে শিৱসাগৰ জিলালৈ আহিব বুলিও সংবাদমেলত অৱগত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।