■ ৰাষ্ট্ৰসংঘই, শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা আৰু এইক্ষেত্ৰত লাভ কৰা অগ্রগতিক দৃষ্টান্তমূলক বুলি অভিহিত কৰি ইয়াৰ বাবে দেশখনক প্ৰশংসা কৰিছে। আয়ুস্মান ভাৰতকে ধৰি স্বাস্থ্যখণ্ডৰ বাবে ভাৰতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ এখন প্রতিবেদনত এনে ব্যৱস্থাৰ শলাগ লোৱা হৈছে। শিশুৰ মৃত্যুৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থাৰ জৰিয়তে ২০০০ চনৰ পৰা সংগ্ৰহ কৰা তথ্য অধ্যয়ন কৰি প্ৰস্তুত কৰা এই প্ৰতিবেদনত দেশখনত গ্ৰহণ কৰা এনে বিভিন্ন আঁচনিৰ বাবে শেহতীয়াকৈ ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ ৭০ শতাংশ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ ৬১ শতাংশ হ্রাস পোৱা বুলি প্রকাশ পাইছে।
Assamese | March 27, 2025 3:33 PM | Akashvani News | United Nations
শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা দৃষ্টান্তমূলকঃ ৰাষ্ট্ৰসংঘ