শিলিগুড়ি-শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

শিলিগুড়ি-শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰৰ ১২ বছৰীয়া সফল কার্যকালৰ বাবে কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদগোষ্ঠীৰ সম্পাদকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রী ড০ শৰ্মাই এই কথা প্রকাশ কৰে।

ৰাজ্যত ৰূপায়ণ হ’বলগীয়া উন্নয়নমূলক প্রকল্প আৰু পথ যোগাযোগ পৰিকল্পনাৰ বিষয়ে সদৰী কৰি তেওঁ কয়, যে গুৱাহাটী-তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ ক’ৰিড’ৰ নিৰ্মাণ কৰা হ’ব। তেওঁ লগতে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে চাৰিটা লেনযুক্ত পথ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী মোদীয়ে যোৱা ১২ বছৰত অসমৰ বিকাশৰ বাবে ব্যতিক্ৰমী আৰু আন্তৰিকতাপূর্ণ ভূমিকা গ্রহণ কৰিছে। প্ৰধানমন্ত্ৰী এগৰাকী হিতৈষীৰূপত অসমক আগুৱাই লৈ গৈছে বুলিও তেওঁ মন্তব্য কৰে। অসমে চলিত বৰ্ষত ৰাজহ কৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় ৫০ হাজাৰ কোটি টকা লাভ কৰিব বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে পূৰ্বতে কোনো চৰকাৰে ৰাজ্যক এই পৰ্যায়ৰ বিত্তীয় সমর্থন দিয়া নাছিল। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সমর্থনৰ বাবেই অসমৰ মুঠ ঘৰুৱা উৎপাদন যথেষ্ট বৃদ্ধি পাইছে।

চলিত বৰ্ষত ৰাজ্যৰ মুঠ জনমুৰি আয় আঠ লাখ ৭০ হাজাৰ কোটি টকা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ২০২২-২৩ বিত্তীয় বর্ষত ৰাজ্যৰ ৮০ লাখ লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হৈছে আৰু ইয়াৰ ফলত এটা নতুন মধ্যবিত্ত শ্ৰেণীৰ জন্ম হোৱা বুলি প্রকাশ কৰে।

নীতি আয়োগৰ বৈঠকৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী শৰ্মাই কয়, যে ২০২০-২৫ চনৰ ভিতৰত দেশৰ বিকাশৰ হাৰ ২৯ শতাংশ হোৱাৰ বিপৰীতে বিগত পাঁচ বছৰত অসমৰ বিকাশৰ হাৰ ৪৫ শতাংশ হৈছে। ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য অনুসৰি অসম দ্রুত বিকাশৰ দিশে গতি কৰা ৰাজ্য হিচাপে পৰিগণিত হৈছে।

বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড° শৰ্মাই কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰো সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ’ব বুলি কয়।