শিলচৰত ৱাকফ আইন বাতিলৰ দাবীত শতাধিক লোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। শিলচৰৰ বেঙ্গো নতুন ৰোড পইণ্টত আজি মুছলমান সম্প্ৰদায়ৰ বহু লোকে সমদল উলিয়াই এই আইনৰ বিৰোধিতা কৰে। এই প্রতিবাদ সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰতিবাদীসকলে এইক্ষেত্ৰত আগতীয়াকৈ কোনোধৰণৰ অনুমতি লোৱা নাই আৰু ঠাইখনৰ শান্তি শৃংখলাত ব্যাঘাত জন্মাইছে। এইক্ষেত্ৰত আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা ল’ব বুলিও আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।
Assamese | April 13, 2025 7:37 PM | Silchar
শিলচৰত ৱাকফ আইন বাতিলৰ দাবীত শতাধিক লোকে আজি প্ৰতিবাদ সাব্যস্ত