শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেণ্ডৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক কাৰ্যসূচী মুকলি

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক কাৰ্যসূচী FYUGP ৰ চতুৰ্থ বৰ্ষ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশনা, NEP ready Reckoner 2026 আৰু FYUGP ৰ চতুৰ্থ বৰ্ষৰ FAQ বুকলেট উন্মোচন কৰে।

বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপাচার্য ড০ ননীগোপাল মহন্ত, অসম কলেজ অধ্যক্ষ পৰিষদৰ প্রতিনিধিসকলৰ লগতে অনুষ্ঠানত বিভিন্ন অনুষদৰ ডীন, শিক্ষক-শিক্ষয়িত্রী, বিশ্ববিদ্যালয় শ্ৰেণীৰ সচিব, সংলগ্ন মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। 

অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে এই নিৰ্দেশনা পত্ৰ প্ৰস্তুত কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক অভিনন্দন জনায় আৰু ইয়াক বিশ্ববিদ্যালয়খনৰ উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে। লগতে FAQ বুকলেট প্ৰস্তুত কৰাৰ লগত জড়িত সংশ্লিষ্ট লোকসকলক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত চলি থকা সংস্কাৰৰ বিষয়েও আলোকপাত কৰে। তেওঁ পুৰণি আৰু প্ৰাসংগিকতা হেৰুৱাই পেলোৱা পাঠ্যক্ৰমসমূহৰ পুনৰ মূল্যায়ন কৰা, উদ্যোগ প্ৰতিষ্ঠানৰ সহযোগত নতুন পাঠ্যক্ৰম গ্রহণ কৰা আদি পদক্ষেপৰ কথা উল্লেখ কৰে। 

তেওঁ অসমত সম্পূৰ্ণৰূপে উদ্যোগ খণ্ডৰ দ্বাৰা ৰূপায়িত প্ৰথম পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত চলি থকা চেল্ফ ফাইনেন্সিং কোচসমূহৰ ক্ষেত্ৰত চৰকাৰৰ নীতি স্পষ্ট কৰে ৷

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, অধ্যাপক উৎপল শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে উপাচাৰ্য ড০ ননীগোপাল মহন্তই উদ্বোধনী ভাষণ দিয়ে। এই ভাষণত ড০ মহন্তই কয়, যে FYUGP ৰ চতুৰ্থ বৰ্ষ প্ৰৱৰ্তনৰ ক্ষেত্ৰত থকা বাস্তৱধৰ্মী প্ৰশাসনিক আৰু শৈক্ষিক প্ৰত্যাহ্বানসমূহ সুযোগলৈ ৰূপান্তৰ কৰা উচিত।