শিক্ষা মন্ত্ৰালয়ে দেশৰ ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মক ধঁপাত তথা ধঁপাতৰ কুব্যৱহাৰৰ পৰা সুৰক্ষিত তথা আঁতৰাই ৰখাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহ ধঁপাতমুক্ত কৰাৰ বাবে এটা ৰাষ্ট্ৰজোৰা বিধি বলৱৎকাৰী অভিযান মুকলি কৰিছে। বিশ্ব ধপাতমুক্ত দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে’ত মাহজোৰা এই অভিযান আৰম্ভ কৰা হ’ব আৰু ২৬ জুনত ইয়াৰ সামৰণি পৰিব। এই অভিযানৰ অধীনত শিক্ষানুষ্ঠানসমূহৰ পৰা ১০০ গজৰ ভিতৰত ধপাতৰ বিক্ৰীৰ ক্ষেত্ৰত কেতবোৰ বাধা নিষেধ আৰোপ কৰা হ’ব। এই নিষেধাজ্ঞাসমূহ অমান্য কৰিলে ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত এটা মানসম্পন্ন কার্যপ্রণালী বিকশাই তুলিবলৈ মন্ত্ৰ্যালয়ে ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰতি আহ্বান জনাইছে। মন্ত্ৰালয়ে লগতে ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণক ধপাত ব্যৱহাৰৰ কুপ্ৰভাৱৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে মাই গভ মঞ্চত এটা কুইজৰ শিতানো মুকলি কৰিছে। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যসন্মত পৰিৱেশ গঢ়ি তোলাৰ লগতে দেশৰ যুৱপ্ৰজন্মক ধপাতৰ কুপ্ৰভাৱৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
Assamese | May 24, 2025 3:53 PM | Akashvani News | No Smoking | No Tobacco | World-No-Tobacco-Day
শিক্ষানুষ্ঠানসমূহ ধঁপাতমুক্ত কৰাৰ বাবে এটা ৰাষ্ট্ৰজোৰা বিধি বলৱৎকাৰী অভিযান মুকলি