সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ ইস্তাহাৰ সমিতি ঘোষণা কৰিছে। দলৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ২৭ জনীয়া এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি এই সমিতি গঠনৰ বিষয়ে ঘোষণা কৰে। সমিতিখনৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আহ্বায়ক আৰু কেন্দ্ৰীয় মন্ত্রী পিয়ুছ গোৱেলক সহ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। এই সমিতিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাকো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি অৰ্জুন মুণ্ডা, ভূপেন্দ্ৰ য়াদৱ, অর্জুন ৰাম মেঘৱাল, কিৰেণ ৰিজিজু, স্মৃতি ইৰাণীকে ধৰি ২৪ গৰাকী শীর্ষ নেতাক এই সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।
Assamese | March 30, 2024 9:22 PM | BJP | Lok Sabha Election
লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ২৭ জনীয়া ইস্তাহাৰ সমিতি গঠন