October 23, 2026 1:34 PM | dr birendra nath dutta

printer

লোককলাৰ গৱেষক, সংগীত শিল্পী, শিক্ষাবিদ লেখক বীৰেন্দ্ৰনাথ দত্তৰ আজি স্মৃতি দিৱস

লোককলাৰ গৱেষক, সংগীত শিল্পী, শিক্ষাবিদ লেখক বীৰেন্দ্ৰনাথ দত্তৰ আজি স্মৃতি দিৱস। অসম সাহিত্য সভাৰ সভাপতিৰূপে সেৱা আগবঢ়োৱা বীৰেন্দ্ৰনাথ দত্তই ভালেকেইটা গীতেৰে অসমীয়া সংগীত জগত সমৃদ্ধ কৰিছিল। তেওঁৰ জনপ্ৰিয় গীতবোৰৰ ভিতৰত বহুদিন বকুলৰ গোন্ধ পোৱা নাই, অ’ ধুন ধুনীয়া, সাতোখন সুৰীয়া নৈ, অ’ ৰহিমলা আদি অন্যতম।

সাহিত্য আৰু শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰে তেওঁক বিভূষিত কৰিছিল। জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বঁটা, আজানপীৰ বঁটা, সংগীত নাটক একাডেমীৰ ঠাকুৰ ৰত্ন সন্মান আদিকে ধৰি অনেক বঁটা বাহনেৰে সন্মানিত বীৰেন্দ্ৰ নাথ দত্তৰ ২০২৩ চনৰ ২৩ অক্টোবৰত ৮৭ বছৰ বয়সত মৃত্যু হয়।