দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে। দুদিনীয়া কাৰ্য্যসূচীৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ এই সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা উপস্থিত থাকে। আৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শর্মাই সংবাদমাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু শোধনাগাৰ আৰু তৈলক্ষেত্ৰ সুৰক্ষাৰ বাবেও এটা বিশেষ বেটেলিয়ন গঠন কৰা হ’ব বুলি উল্লেখ কৰে। লাচিত বৰফুকন একাডেমীক কম সময়ৰ ভিতৰতে পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে এই একাডেমীখনক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্রশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। অসম আৰক্ষীৰ খালী থকা পাঁচ হাজাৰৰো অধিক পদত নিযুক্তি দিয়া হ’ব বুলি সংবাদমেলত প্ৰকাশ কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদত আন্তঃগাঁথনিৰ উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। ড০ শৰ্মাই একাডেমীখনৰ নিৰ্মাণকাৰ্য খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে ৰাজ্যৰ আৰক্ষী থানা, বেটেলিয়ন আৰু চাৰিখন জিলাৰ আদৰ্শ আৰক্ষী চাউনিৰ আবাসীক প্রকল্প তথা নৱগঠিত স্মার্ট ৰেছপন্স ইউনিটৰ কামকাজৰ বুজ লয়।