September 3, 2026 7:23 PM
10
লাচিত বৰফুকন পুলিচ একাডেমীক ৰাষ্ট্ৰীয় মানদণ্ডৰ অত্যাধুনিক প্রশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ
দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে। দুদিনীয়া কাৰ্য্যসূচীৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ এই সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা উপস্থিত থাকে। আৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শর্মাই সংবাদমাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ'ব বুলিও তেও...