যোৰহাট সন্মিলন কেন্দ্ৰত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্রতিক বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা ক্ষয়ক্ষতিৰ দ্রুত সমীক্ষা আৰু দুর্যোগ মূল্যায়ণৰ বাবে প্ৰস্তুত কৰা ম’বাইল এপ্লিকেছন সম্পর্কীয় প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। কার্যসূচীত বান ক্ষতিগ্রস্ত জিলাকেইখনৰ বিভাগীয় বিষয়াসকলক ম’বাইল এপৰ জৰিয়তে বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ দ্রুত আৰু বিজ্ঞানসন্মত মূল্যায়ণৰ বিষয়ে প্রশিক্ষণ প্রদান কৰা হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্রদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু শৃংখলাবদ্ধ কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। কাৰ্যসূচীত মন্ত্রী বিমল বৰা আৰু কেশৱ মহন্তকে ধৰি যোৰহাট, টীয়ক, তিতাবৰ, মৰিয়নিৰ বিধায়কসকল তথা চাৰিওখন জিলাৰ জিলা উপায়ুক্তসকল উপস্থিত থাকে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে অহা ৯ আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ কৰা হ’ব আৰু এই জৰীপত অংশ লোৱা বিষয়াসকলৰ বাবে কাইলৈৰ পৰা জিলা পৰ্যায়ত প্রশিক্ষণ দিয়া হ’ব। প্রথম পর্যায়ত অহা ৩০ আগষ্টলৈ জৰীপ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কবে।
Assamese | August 7, 2026 6:53 PM | CM Flood related Meet
যোৰহাট সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক