June 13, 2026 7:01 PM | Jorhat

printer

যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত

যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত ৪৩ নম্বৰ স্কোৱাৰ্ডনৰ বিমানখনত নিয়মীয়া ঊৰণৰ সময়ত অৱতৰণ কৰিবলৈ লওতে বিস্ফোৰণ ঘটে আৰু বিমানখনত জুই লাগে। দুর্ঘটনাটোত বায়ু সেনাবাহিনীৰ পাঁচজন জোৱান স্কোৱাড্রন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱৰ্ট আৰু অগ্নিবীৰবায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিটী গঠন কৰা হৈছে ।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই ঘটনাকলৈ গভীৰ শোকপ্রকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তা যোগে কর্তব্য সম্পাদনৰ সময়ত শ্বহীদ হোৱা জোৱান কেইগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ড° শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে দেশে জোৱান পাঁচগৰাকীৰ সৰ্বোচ্চ ত্যাগৰ কথা সদায় মনত ৰাখিব।