যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱসত মুখ্যমন্ত্রী, শিক্ষামন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

 আজি যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস। কেইবাখনো কবিতাপুথিৰে অসমীয়া ভাষা-সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ দুখন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। ১৯৯২ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেন ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শইচৰ পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্য গ্রন্থ।

২০০০ চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে।

১৯৭২ চনত তেওঁৰ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ পোৱাৰ পাছত ক্ৰমে বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰ’দ, মোৰ প্ৰিয় বর্ণমালা, ভালপোৱাৰ বোকামাটি আদি সংকলনসমূহ প্রকাশ পায়। তোমাৰ গান তেওঁৰ একমাত্ৰ গীতৰ সংকলন। তেওঁৰ কবিতাৰ শব্দ চয়ন আৰু লালিত্যই পাঠকক মুগ্ধ কৰি আহিছে। প্ৰখ্যাত কবি, গীতিকাৰ হীৰেন ভট্টাচাৰ্যই শিশুৰ বাবে ল’ৰা-ধেমালি, আকৌ ধেমালি আৰু ৰৈ ৰৈ ধেমালী শীৰ্ষক তিনিখন সংকলন ৰচনা কৰিছিল। ২০১২ চনত আজিৰ দিনটোতে মৃত্যু হোৱা কবিগৰাকীৰ স্মৃতি দিৱস ৰাজ্যৰ বিভিন্ন ঠাইত তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বুলি আমালৈ বাতৰি আহিছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পূণ্য তিথি উপলক্ষে সুগন্ধি পখিলাৰ কবি, শব্দৰ খনিকৰ হীৰেন ভট্টাচাৰ্যক শ্ৰদ্ধাৰে সুঁৱৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে সাহিত্যিকগৰাকীৰ সৰল অথচ গভীৰ অনুভূতিৰে ভৰা কবিতাই অসমীয়া সাহিত্যলৈ নতুন সুৰ, নতুন ভাষা আৰু নতুন সংবেদনশীলতা কঢ়িয়াই আনিছিল। ড০ শৰ্মাই কয়, যে শব্দক হৃদয়ৰ স্পন্দনলৈ ৰূপান্তৰ কৰাৰ অপূৰ্ব ক্ষমতাৰে তেওঁ অসমীয়া আধুনিক কবিতাত অনন্য যুগৰ সূচনা কৰিছিল। কবিগৰাকীৰ শব্দ, চিন্তা আৰু সৃষ্টিৰ মাধুৰ্য্যই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

বৰণ্য কবিগৰাকীৰ পূণ্য তিথিত শ্রদ্ধাঞ্জলি যাঁচি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয়, যে সহজ-সৰল শব্দ চয়ন অথচ গভীৰ অনুভূতিৰে ঋদ্ধ ভট্টচাৰ্যদেৱৰ কবিতাই প্ৰেম, মানৱতা, জীৱনবোধ আৰু স্বদেশ প্ৰেমৰ অনন্য ভাৱনাৰে অসমীয়া কাব্য সাহিত্য ঐশ্বৰ্য্যশালী কৰি ৰাখিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।