যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি ওপজা দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক-সংস্কৃতিৰ এইগৰাকী গৱেষক ‘সুদীর্ঘ দিন আৰু ঋতু’ শীর্ষক কাব্য সংকলনৰ বাবে ১৯৮৩ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্রন্থখন বাংলা, পাঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ড° বৰদলৈ ৰচিত গীতসমূহত ঊষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্রন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বৰদলৈক ১৯৫৭ চনত শিশু সাহিত্যিকৰূপে ৰাষ্ট্ৰপতি বঁটা আগবঢ়োৱা হৈছিল।
Assamese | June 20, 2026 1:55 PM | Nirmal Prabha Bordoloi Birth Anniversary
যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি ওপজা দিন