November 7, 2026 12:46 PM | Yamuna Eviction

printer

যমুনা জলাশয়ত অবাধ দখলৰ বিৰুদ্ধে শিৱসাগৰ জিলা প্রশাসনৰ উচ্ছেদ অভিযান আৰম্ভ

শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত হোৱা অবাধ দখলৰ বিৰুদ্ধে আজি শিৱসাগৰ জিলা প্রশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। সদৌ টাই-আহোম ছাত্র সন্থা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত বৈঠকৰ অন্তত এই উচ্ছেদ অভিযানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে।

উল্লেখযোগ্য যে যমুনা জলাশয় দখলমুক্ত কৰাৰ দাবীত চলিত মাহত আটাছুৱে একেৰাহে তিনিদিন ধৰি নিজাববীয়াকৈ উচ্ছেদ অভিযান চলাইছিল। এই সময়ছোৱাত সংগঠনটোৱে দখলকাৰীসকলে জলাশয়ৰ ভিতৰত নিৰ্মাণ কৰা একাধিক ঘৰ-দুৱাৰ ভাঙি দিছিল। ইয়াৰ পাছতে ৬ নৱেম্বৰত আটাছুৱে ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছিল। অৱশ্যে জিলা প্রশাসনে ৭ নৱেম্বৰত যমুনাত উচ্ছেদ অভিযান চলোৱাৰ ঘোষণা কৰাৰ পাছত সংগঠনটোৱে বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। আজি আৰম্ভ হোৱা এই উচ্ছেদ অভিযানক সংগঠনটোৱে আদৰণি জনাইছে। সংগঠনটোৰ সভাপতি বসন্ত গগৈয়ে কয়, যে প্রায় ৪০ বিঘা ভূমি সামৰি থকা ঐতিহাসিক জলাশয় সম্পূৰ্ণৰূপে দখলমুক্ত কৰাটো অতি প্রয়োজনীয়।

এই অভিযান সম্পূৰ্ণ হোৱাৰ পাছত জিলাখনৰ আন আন ঐতিহাসিক আৰু প্ৰত্নতাত্বিক স্থানসমূহতো একেধৰণৰ দখলমুক্তকৰণ অভিযান চলোৱাৰ বাবে আটাছুরে দাবী জনাইছে।