November 7, 2026 12:46 PM

views 3

যমুনা জলাশয়ত অবাধ দখলৰ বিৰুদ্ধে শিৱসাগৰ জিলা প্রশাসনৰ উচ্ছেদ অভিযান আৰম্ভ

শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত হোৱা অবাধ দখলৰ বিৰুদ্ধে আজি শিৱসাগৰ জিলা প্রশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। সদৌ টাই-আহোম ছাত্র সন্থা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত বৈঠকৰ অন্তত এই উচ্ছেদ অভিযানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে যমুনা জলাশয় দখলমুক্ত কৰাৰ দাবীত চলিত মাহত আটাছুৱে একেৰাহে তিনিদিন ধৰি নিজাববীয়াকৈ উচ্ছেদ অভিযান চলাইছিল। এই সময়ছোৱাত সংগঠনটোৱে দখলকাৰীসকলে জলাশয়ৰ ভিতৰত নিৰ্মাণ কৰা একাধিক ঘৰ-দুৱাৰ ভাঙি দিছিল। ইয়াৰ পাছতে ৬ নৱেম্বৰত আটাছুৱে ১২ ঘণ্টীয়া শিৱসাগৰ জিলা ...