প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ অধীনত ১০০ দিনীয়া বিশেষ অভিযান মুকলিৰ জৰিয়তে এই অভিযান অধিক শক্তিশালী হৈ উঠিছে বুলি মত প্ৰকাশ কৰিছে। এই অভিযানৰ মূল লক্ষ্য হৈছে যক্ষ্মা অধ্যুসিত জিলাসমূহত এই ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা। এটা সামাজিক মাধ্যমত দিয়া বার্তাত শ্রী মোদীয়ে কয়, যে ভাৰতে ৰোগীক দিয়া সমর্থন, জনসাধাৰণৰ অংশগ্রহণ, নতুন নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু উন্নতমানৰ ৰোগ নিৰুপনকাৰী আহিলা আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি যক্ষ্মাৰ বিৰুদ্ধে যুঁজ দিছে। তেওঁ সকলোকে যক্ষ্মা ৰোগ নিৰ্মূলৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
Assamese | December 7, 2024 8:25 PM | narendra modi
যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা ১০০ দিনীয়া বিশেষ অভিযান অধিক শক্তিশালী হৈ উঠিছেঃ প্রধানমন্ত্ৰী