কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই ধনতোলাত উপস্থিত হৈ শেহতীয়া বানত চিঙা জাঁজী নৈৰ এটা মথাউৰিৰ পৰিস্থিতিৰ বুজ লয়। শেহতীয়া বানত দুদিন পূৰ্বে জাঁজী নৈৰ মথাউৰিটো বাঢ়নি পানীয়ে চিঙি পেলোৱাৰ ফলত কেইবাখনো গাওঁ প্লাৱিত হৈ পৰে।
পুৰণি মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে বানত হোৱা ক্ষতিৰ বাবে সদ্যহতে মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে। আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত জিলা আয়ুক্ত তথা স্থানীয় বিধায়কে মেৰামতিৰ কামৰ বিষয়ে প্রয়োজনীয় দিহা পৰামৰ্শ দিয়ে।
মন্ত্ৰীগৰাকীয়ে আজি জগদুৱাৰ অঞ্চলতো এটা আশ্রয় শিবিৰ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থাৰ বুজ লয়। ইপিনে, টিয়ক নগৰৰ বানাক্ৰান্ত ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে অঞ্চলটোৰ ৰাইজৰ খোৱা পানীৰ অভাৱ দূৰ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে । ।