প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিছাচৰ নিৰ্বাচনত অৰ্জন কৰা ঐতিহাসিক বিজয়ৰ বাবে ড০ নবীন ৰামগুলামক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে ড০ ৰামগুলামৰ সৈতে বাৰ্তালাপ কৰি দেশখনৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেওঁৰ সফলতা কামনা কৰিছে বুলি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ড০ ৰামগুলামক ভাৰত ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায়। দেশখনৰ সৈতে থকা বিশেষ আৰু অনন্য সহযোগিতাক শক্তিশালী কৰাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিবলৈ বাট চাই থকাৰ বিষয়েও শ্রী মোদীয়ে প্রকাশ কৰে৷
Assamese | November 12, 2024 8:18 AM | narendra modi | PMO India
মৰিছাচৰ নিৰ্বাচনত অৰ্জন কৰা ঐতিহাসিক বিজয়ৰ বাবে ড০ নবীন ৰামগুলামক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন