মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ অনুষ্ঠান আৰু সমন্বয় সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত ড০ নিলাক্ষী বৈশ্যই বন্তি প্রজ্বলেনেৰে আৰম্ভ কৰা অনুষ্ঠানত মাতৃ আৰু শিশুৰ পৰিপুষ্টিৰ লক্ষ্যৰে বিভিন্ন বিভাগৰ সমন্বিত পৰিকল্পনা আৰু তৃণমূল পর্যায়ত ফলপ্ৰসু ৰূপায়ণৰ কৌশল সন্দর্ভত আলোচনা কৰা হয়। সভাত চাহ বাগিছা অঞ্চলত স্বাস্থ্য শিবিৰ আয়োজন আৰু ৰক্তাল্পতাগ্রস্ত শিশু চিনাক্তকৰণৰ ব্যৱস্থা ল’বলৈ যৌথ স্বাস্থ্য সেৱা সঞ্চালকৰ কার্যালয়ক নির্দেশ দিয়া হয়। তদুপৰি বিদ্যালয়সমূহত পোষণ চেম্পিয়ন বাছনি আৰু পুষ্টি সজাগতা কাৰ্যসূচী ৰূপায়ণৰ বাবে বিদ্যালয় পৰিদৰ্শকৰ কার্যালয়ক দায়িত্ব অর্পণ কৰা হয়। একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগক পানী, পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি সজাগতা অভিযান আৰু বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিত কৰাৰ বাবে নির্দেশ দিয়া হয়। ডাক বিভাগক প্রধানমন্ত্রী মাতৃ বন্দনা যোজনা আৰু সুকন্যা সমৃদ্ধি যোজনাৰ বিষয়ে সজাগতা বৃদ্ধি তথা মাতৃ আৰু কন্যা শিশুৰ কল্যাণমূলক আঁচনিসমূহ ফলপ্রসূভাবে ৰূপায়ণৰ বাবে সমন্বয় বৃদ্ধিৰ আহ্বান জনোৱা হয়।
Assamese | September 10, 2026 7:48 PM | POSHAN MAAH
মৰিগাঁৱত নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ অনুষ্ঠান আৰু সমন্বয় সভা