September 10, 2026 7:48 PM
6
মৰিগাঁৱত নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ অনুষ্ঠান আৰু সমন্বয় সভা
মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ অনুষ্ঠান আৰু সমন্বয় সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত ড০ নিলাক্ষী বৈশ্যই বন্তি প্রজ্বলেনেৰে আৰম্ভ কৰা অনুষ্ঠানত মাতৃ আৰু শিশুৰ পৰিপুষ্টিৰ লক্ষ্যৰে বিভিন্ন বিভাগৰ সমন্বিত পৰিকল্পনা আৰু তৃণমূল পর্যায়ত ফলপ্ৰসু ৰূপায়ণৰ কৌশল সন্দর্ভত আলোচনা কৰা হয়। সভাত চাহ বাগিছা অঞ্চলত স্বাস্থ্য শিবিৰ আয়োজন আৰু ৰক্তাল্পতাগ্রস্ত শিশু চিনাক্তকৰণৰ ব্যৱস্থা ল'বলৈ যৌথ স্বাস্থ্য সেৱা সঞ্চালকৰ কার্যালয়ক নির্দেশ দিয়া হয়। তদুপৰি বিদ্যালয়স...