মৰিগাঁও জিলা প্ৰশাসনে ভূমি আৰু ৰাজহ ব্যৱস্থাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে জিলাখনৰ অন্তৱৰ্তী এলেকাসমূহত ভূমি প্ৰশাসনৰ প্ৰসাৰতাৰ উদ্দেশ্যে এক নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা কৰিছে। জিলাখনৰ অধীনৰ ৰাজহ চক্ৰ বিষয়াসহ চক্ৰ বিষয়াৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দূৰৱৰ্তী এলেকাসমূহত অস্থায়ী কার্যালয় সদৃশ ৰাজহ আদালত অনুষ্ঠিত কৰিব। জিলা প্রশাসনে অহা ১৫ ছেপ্তেম্বৰত মায়ং বজাৰস্থিত গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ৰাজহ আদালতত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে।
Assamese | September 12, 2024 12:55 PM | Local news | Marigaon
মৰিগাঁও জিলা প্ৰশাসনৰ নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা