কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে কালি মোদী চৰকাৰে ৰাজনৈতিক প্রতিশোধৰ বাবে বিধি বলবৎকাৰী সঞ্চালকালয় আৰু চি বি আইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি ৰাজনৈতিক প্রতিদ্বন্দীসমূহক লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ মুদ্রাস্ফীতি, দৰিদ্ৰতা আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে বিষয়সমূহৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈও প্রশ্ন উত্থাপন কৰে। ইপিনে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী বাদ্ৰাই কালি উত্তৰ মহাৰাষ্ট্ৰৰ জনজাতীয় অধ্যুষিত নন্দুৰবাৰ জিলাত দলৰ হকে প্ৰচাৰ চলায়। প্ৰচাৰ অভিযানত তেওঁ মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ এন ডি এ চৰকাৰক সমালোচনা কৰে। নৰেন্দ্ৰ মোদী চৰকাৰে হাথৰছৰ দৰে ঘটনাক লৈ আৰু পদক বিজয়ী মহিলা মল্লযোদ্ধাসকলৰ দাবীক লৈ মৌনতা অৱলম্বন কৰি আহিছে বুলি নেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে৷
Assamese | May 12, 2024 11:53 AM | Congress
মোদী চৰকাৰে ৰাজনৈতিক প্রতিশোধৰ বাবে বিধি বলবৎকাৰী সঞ্চালকালয় আৰু চি বি আইক ব্যৱহাৰ কৰা বুলি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ অভিযোগ