দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰত অৱস্থিত মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ “দিল্লী শব্দোৎসৱ ২০২৬”ৰ কালি শুভাৰম্ভ হয় । দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ হ’বলগীয়া এই মহোৎসৱৰ উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোত্রা, দিল্লীৰ কলা তথা সাংস্কৃতিক মন্ত্রী কপিল মিশ্রও উপস্থিত থাকে। অনুষ্ঠানটোত কেইবাগৰাকীও সাহিত্যিক, ছাত্র-ছাত্রী, পণ্ডিত, শিল্পী আৰু নাগৰিকে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই মহোৎসৱে ভাৰতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ আলোচনাৰ প্ৰাসংগিক প্ৰতিফলন ঘটায়। দিল্লী শব্দোৎসৱে বৈদিক যুগৰ পৰা ডিজিটেল যুগলৈ ভাৰতৰ যাত্ৰাক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ইমান বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান পূৰ্বে দিল্লীৰ কোনো চৰকাৰী মঞ্চৰ দ্বাৰা আয়োজন কৰা হোৱা নাছিল। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে এই মহোৎসৱত শাস্ত্ৰীয় নৃত্য পৰিবেশন, ভজন, কবি সন্মিলন আৰু আলোচনাৰ লগতে ৪০খন গ্রন্থও উন্মোচন কৰা হ’ব।
Assamese | January 3, 2026 1:00 PM | Delhi Sabdotsav
মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ “দিল্লী শব্দোৎসৱ ২০২৬”ৰ শুভাৰম্ভ