বাক্সা জিলা সদৰ মুছলপুৰত আজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ত প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তৰফৰ পৰা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতাসকলক লৈ বাৰ্তা নামেৰে এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।
লোকপিয়ল ২০২৭ক অধিক প্ৰচাৰ আৰু প্ৰসাৰিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা এই কৰ্মশালাত জিলা আয়ুক্ত তথা বাক্সা জিলা লোকপিয়ল অধ্যক্ষ কিন্নেই চাংচন উপস্থিত থকাৰ লগতে লোকপিয়ল বিভাগৰ উপ-পঞ্জীয়ক জেনেৰেল ভাৰতী ছান্দা, প্ৰেছ ইনফৰমেচন ব্যুৰোৰ যৌথ সঞ্চালক পানভী গুপ্তাও উপস্থিত থাকে।
কর্মশালাত অংশগ্রহণ কৰি উপ-পঞ্জীয়ক গৰাকীয়ে লোকপিয়ল ২০২৭ৰ বিভিন্ন দিশ সম্পৰ্কে বিতংভাৱে ব্যাখ্যা কৰাৰ লগতে এইবাৰ হ’বলগীয়া স্বগণনা পদ্ধতিৰ বিভিন্ন দিশ সমূহৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে এই পদ্ধতিৰ জৰিয়তে ঘৰৰ মুৰববীজনে নিজৰ কৰ্মস্থলীত থাকিয়ে ঘৰৰ সবিশেষ তথ্য লোকপিয়ল বিভাগক অনলাইন যোগে প্ৰদান কৰিব পাৰিব।