উচ্চতম ন্যায়ালয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ সাত দিনৰ বৃদ্ধিৰ বাবে জনোৱা আবেদন নাকচ কৰে। অহা ২ জুনত তেওঁ পুনৰ তিহাৰ কাৰাগাৰলৈ যাব লাগিব। উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ১০ মে’ত ন্যায়াধীস সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল আৰু ২ জুনত তেওঁক তিহাৰ কাৰাগাৰত আত্মসমৰ্পন কৰিবলৈ কোৱা হৈছিল। কেজৰিৱালৰ আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ে কৈছে যে, যিহেতু গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত ইতিমধ্যে ৰায় সংৰক্ষিত হৈ আছে গতিকে অন্তৱৰ্তীকালিন জামিন বৃদ্ধিৰ বাবে কেজৰিৱালৰ আবেদনৰ মূল আবেদনৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই।
Assamese | May 29, 2024 6:25 PM | Kejriwal SC
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ