August 23, 2024 6:24 PM

views 30

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা স্থগিত

উচ্চতম ন্যায়ালয়ে আজি দিল্লী সুৰা নীতিৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো, চিবিআইয়ে পঞ্জীয়ন কৰা গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই বিচৰা জামিন আবেদনৰ শুনানি স্থগিত ৰাখে৷ চি. বি. আইয়ে গোচৰটোত প্ৰত্যুত্তৰ দাখিল কৰিবলৈ সময় বিচৰাৰ পিছতে এই শুনানি ৫ চেপ্টেম্বৰলৈ স্থগিত ৰখা হৈছে। ন্যায়াধীশ সূর্যকান্ত আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে দিল্লীৰ আদালতে অভিযুক্ত শ্রী কেজৰিৱালৰ ন্যায়িক জিম্মাৰ সময়সীমা ২৭ আগষ্টলৈকে বৃদ্ধি কৰিছিল৷ উল...

May 29, 2024 6:25 PM

views 51

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ সাত দিনৰ বৃদ্ধিৰ বাবে জনোৱা আবেদন নাকচ কৰে। অহা ২ জুনত তেওঁ পুনৰ তিহাৰ কাৰাগাৰলৈ যাব লাগিব। উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ১০ মে'ত ন্যায়াধীস সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল আৰু ২ জুনত তেওঁক তিহাৰ কাৰাগাৰত আত্মসমৰ্পন কৰিবলৈ কোৱা হৈছিল। কেজৰিৱালৰ আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ে কৈছে যে, যিহেতু গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত ইতিমধ্যে ৰায় সংৰক্ষিত হৈ আছে গত...