মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত দুখন উৰণ সেতু মুকলি কৰে। পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে কনভয় ৰোডৰ সংযোগস্থলত ড০ লীলা গগৈ উৰণ সেতু আৰু মানকাটা পথৰ থানা চাৰিআলিত বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰে। ৫৬ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ড০ লীলা গগৈ উৰণ সেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৬১৫ মিটাৰ। ৬০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নির্মাণ কৰা বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৪৫০ মিটাৰ। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে।
Assamese | April 27, 2025 8:59 PM | Assam CM inauguration two Flyovers in Dibrugarh
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ডিব্ৰুগড়ত দুখন উৰণ সেতু মুকলি