মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্রীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম পৌৰনিগম কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণ বিধেয়ক ২০২৫ত অনুমোদন জনায়। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ৭১ খন পৌৰ নিকায়ৰ এহেজাৰ ৪৪ গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিবলৈ বিচৰা হৈছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই বিষয়ে সদৰি কৰে। আজিব বৈঠকে অসমৰ বিভিন্ন শ্ৰেণীৰ বিদ্যালয়ত কৰ্মৰত অসমীয়া বিভাগৰ শিক্ষকসকলৰ চাকৰিৰ নিয়মাৱলী একেধৰণৰ কৰাৰ বাবেও সিদ্ধান্ত লয়। আজিব বৈঠকে অসমত মূল্য সংযোজিত কব গাঁথনিক অধিক শৃংখলিত কৰাব বাবেও সিদ্ধান্ত লয়।
Assamese | February 5, 2025 8:07 PM | assam cabinet
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্রীসভাৰ বৈঠক