মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্রস্ত স্থান পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পর্যবেক্ষণ কৰি সামগ্রিক পৰিস্থিতিৰ বুজ লয়।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, যে আই আই টিৰ অধ্যাপক, বিশেষজ্ঞৰ সৈতে বৈঠক অনুষ্ঠিত কৰি খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰা হ’ব। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে ৯০ কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।

মন্ত্রী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহৰ ক্ষয়-ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শনকালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

কৃষি বিভাগে বান ক্ষতিগ্রস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠিয়া প্রদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। কৃষি মন্ত্রী পীযুষ হাজৰিকাই দেওবাৰে মাহমৰাৰ ঘিলাগুৰিত টেক্টৰৰে হাল বাই কঠিয়া ৰোপণ কৰে।