August 2, 2026 7:30 PM

views 5

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্রস্ত স্থান পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পর্যবেক্ষণ কৰি সামগ্রিক পৰিস্থিতিৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, যে আই আই টিৰ অধ্যাপক, বিশেষজ্ঞৰ সৈতে বৈঠক অনুষ্ঠিত কৰি খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰা হ'ব। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে ৯০ কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। মন্ত্রী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্রস...