মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আর্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই অভিযানৰ অধীনত মুঠ ৮২ হাজাৰ ২১৯ গৰাকী যুৱ উদ্যোগীৰ মাজত ২৭৮ কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। ড০ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি উল্লেখ কৰি তেওঁলোকক নিজৰ লগতে আনকো সংস্থাপিত কৰাৰ বাবে উৎসাহিত কৰে। মুখ্যমন্ত্রীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামর্থ্য আৰু অসীম সম্ভাৱনা লুকাই আছে। চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক-যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান জনায়। যুৱচামৰ প্ৰতিটো সফলতাই অসমত ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত ঔদ্যোগিক পৰিবেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে প্রয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
কামৰূপ জিলাৰ বকো-ছয়গাঁও সমষ্টিত মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰশীল অসম অভিযান আঁচনিৰ অধীনত আজি ৬৮৭গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰা হয়। বকোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত আয়োজিত সভাত বকো-ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেচ মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
শিৱসাগৰ সমষ্টিৰ দুহেজাৰ ২১৫ গৰাকী হিতাধিকাৰীৰ মাজতো আজি চেক বিতৰণ কৰা হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত শিৱসাগৰ বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত এহেজাৰ ৮৩০গৰাকী হিতাধিকাৰীক ২৫ হাজাৰ টকাকৈ প্রাথমিক আর্থিক সাহায্য প্ৰদান কৰা হয়। তদুপৰি প্ৰথম পর্যায়ত নির্বাচিত ৩৮৫গৰাকী হিতাধিকাৰীক ১ লাখ টকাকৈ অনুদান প্রদান কৰা হয়।
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ অধীনত কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্রকল্পত ৪৮৭গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়। ইপিনে ৩ হাজাৰ ১৮৬গৰাকী যুৱ উদ্যোগীক এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ২৫ হাজাৰ টকাকৈ বিতৰণ কৰা হয়।
বজালী সমষ্টিৰ নিৰ্বাচিত হিতাধিকাৰীসকলক পাঠশালাৰ হৰিমন্দিৰত আয়োজিত এটা অনুষ্ঠানত আর্থিক সাহায্য বিতৰণ কৰা হয়। অনুষ্ঠানত বজালীৰ বিধায়ক ধৰ্মেশ্বৰ বয়ে যুৱক-যুৱতীসকলক উদ্যোগ, কৃষি, পশুপালন আৰু মীন পালনৰ জৰিয়তে আত্মনির্ভৰশীল হ’বলৈ আহ্বান জনায়।