থাইলেণ্ডৰ উত্তৰ-পূব প্ৰান্তৰ মুকদাহান প্ৰদেশত কালি পদযাত্ৰাত অংশ লোৱা ধৰ্মগুৰুসকলৰ এটা দলক কালি এজন ১১ বছৰীয়া কিশোৰে চলাই অহা এখন বাহনে মহতিয়াই নিয়ে। এই শোকাৱহ পথ দুৰ্ঘটনাত ৯ গৰাকী বৌদ্ধ ভিক্ষুৱে প্ৰাণ হেৰুৱায় |
চৰকাৰী সূত্ৰই জনোৱা মতে, মুকদাহান প্ৰদেশৰ মুঠ ৩৫ গৰাকী ধৰ্মগুৰুৱে এই ধৰ্মীয় যাত্ৰাত অংশ লৈছিল। ইয়াৰে ৫ গৰাকী ভিক্ষুৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন ৪ গৰাকীয়ে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাত আহত আন ১৩ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যাৰ ভিতৰত ৩ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত কিশোৰজনক ইতিমধ্যে আটক কৰা হৈছে আৰু ৰাজ্যিক শিশু সুৰক্ষা বিষয়াৰ উপস্থিতিত জেৰা কৰা হ’ব|