মিজোৰামৰ চেৰশ্বিপ জিলাত কালিৰেপৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতা আৰু এৰ’স্পর্ট মহোৎসৱ অনুষ্ঠিত হৈছে। শুকুৰবাৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত দক্ষিণ কোৰিয়া, নেপাল, কাজাখাস্তান আৰু ইন্দোনেছিয়াৰ পাইলটসকলে অংশগ্ৰহণ কৰাৰ কথা। ৰাজ্যখনৰ জলপুই অৱতৰণক্ষেত্ৰত হ’বলগীয়া সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী পু লালডুহোমা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই মহোৎসৱৰ সৈতে সংগতি ৰাখি জলপুইত মিজোৰামৰ থলুৱা খাদ্য আৰু সাংস্কৃতিক উপাদানসমূহৰ বিপণী মুকলি কৰা হৈছে।
Assamese | December 11, 2024 1:18 PM | North East
মিজোৰামৰ চেৰশ্বিপ জিলাত কালিৰেপৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতা আৰু এৰ’স্পর্ট মহোৎসৱ