মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা নৱী মুম্বাইত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েণ্টছক ৭ উইকেটত পৰাস্ত কৰে। ডি ৱাই পাটিল স্পর্টছ একাডেমীত অনুষ্ঠিত খেলখনত দলটোৱে ১৯৩ ৰানৰ বিজয় লক্ষ্য ১৯ অভাৰত আৰু দুটা বলত ৩টা উইকেট হেৰুৱাই অতিক্রম কৰে। মুম্বাইৰ হৈ অধিনায়ক হৰমনপ্রীত কৌৰে সৰ্বাধিক ৭১ ৰান কৰে। কৌৰলৈ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয় ৷
ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি গুজৰাটে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯২ ৰান কৰিছিল। জর্জিয়া ৱেৰহামে সৰ্বাধিক ৪৩ ৰান কৰি আউট নোহোৱাকৈ থাকে।
Assamese | January 14, 2026 1:28 PM | WPL
মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ জয়লাভ