মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত যোৱা নিশা দেলহী কেপিটেলছে ইউ পি ৱাৰিয়াৰ্জক ৭ উইকেটত পৰাজিত কৰে। নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰিবলৈ নামি ৱাৰিয়ার্ডে নির্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৫৪ বান সংগ্ৰহ কৰে। অধিনায়ক মেগ লেনিঙে সর্বাধিক ৫৪ আৰু হাবলিন দেউলে ৪৭ ৰান কৰে। প্ৰত্যুত্তৰত দেলহীয়ে মাত্র ৩টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। লিজেল লীয়ে সর্বাধিক ৬৭ আৰু শেফালী বার্মাই ৩৬ ৰান কৰে। প্রতিযোগিতাত আজি ইউ পি ৱাবিয়ার্জ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | January 15, 2026 10:36 AM | WPL
মহিলা প্রিমিয়াৰ লীগত দেলহী কেপিটেলছে ইউ পি ৱাৰিয়াৰ্জক ৭ উইকেটত পৰাজিত কৰে