July 3, 2026 12:08 PM | Cricket

printer

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইংলেণ্ডৰ ফাইনেলত প্ৰৱেশ

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আয়োজক ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক ৪০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। লণ্ডনৰ কেনিংটন অ’ভেলত অনুষ্ঠিত কালিৰ দ্বিতীয়খন ছেমি ফাইনেল খেলত বিজয়েৰে দলটোৱে খিতাপ দখলৰ অন্তিম যুঁজত অষ্ট্ৰেলিয়াৰ মুখামুখি হোৱাটো নিশ্চিত কৰে।

খেলখনত প্ৰথমে বেটিং কৰিবলৈ আমন্ত্রণ লাভ কৰি ইংলেণ্ডে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে। নাট চিভাৰ-ব্রাণ্টে ৪৭টা বলত ৭৫ ৰানৰ বৰঙণি আগবঢ়ায় |

প্ৰত্যুত্তৰত ১৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই মাত্র ১২৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। নাট চিভাৰ-ব্ৰাণ্টক ‘প্লেয়াৰ অৱ দ্য মেচ’ ঘোষণা কৰা হয় ।

ইয়াৰ পূৰ্বে যোৱা মঙলবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাস্ত কৰিছিল। অহা দেওবাৰে লণ্ডনৰ ঐতিহাসিক লর্ডছ ক্রিকেট খেলপথাৰত বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।