September 14, 2026 12:25 PM | Cricket

printer

মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা অষ্টমবাৰৰ বাবে ভাৰতীয় দলৰ খিতাপ দখল

ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৭২ ৰানত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টি-২০ ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে ষষ্ঠবাৰৰ বাবে শ্রীলংকাক পৰাস্ত কৰিছে। ভাৰতে কালি প্ৰথমে বেট ধৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান সংগ্ৰহ কৰে। দলৰ হৈ শেফালী বাৰ্মাই ৬৮ আৰু স্মৃতি মন্ধানাই ৫৯ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১৯ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১১ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে ৪টা উইকেট দখল কৰাৰ লগতে দিপ্তী শর্মাই ৩টা উইকেট লাভ কৰে। শেফালী প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।