July 18, 2026 9:35 AM | pune road

printer

মহাৰাষ্ট্ৰৰ পুনেত তিনিটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে আজি ৰাজ্যখনৰ পুনেত তিনিটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত ভাগ ল’ব।

এই তিনিটা প্ৰকল্পৰ ভিতৰত ২৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পুনে-সম্ভাজিনগৰ গ্ৰীণফিল্ড এক্সপ্ৰেছৱেৰ প্ৰথম পৰ্যায়ৰূপে খৰাদি জংচন আৰু শিৰুৰ বাইপাছৰ মাজৰ ৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয়লেনযুক্ত পথ, হাদাপছাৰ আৰু য়ৱতৰ মাজৰ প্ৰায় ৩০.৫ কিলোমিটাৰ আৰু তালেগাওঁ-চাকন-শিক্রাপুৰৰ মাজৰ ৫৪.৩ কিলোমিটাৰ পথ আছে। এই প্রকল্পসমূহে যাতায়াত সুগম কৰাৰ লগতে যাত্ৰাৰ সময় আৰু যান-জঁটৰ সমস্যা হ্ৰাসত সহায় কৰিব। এই প্রকল্পসমূহে পুণে অঞ্চলৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সমৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে।

অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰলীধৰ মহল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রীদ্বয় একনাথ শিণ্ডে আৰু সুনেত্ৰা পাৱাৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।