তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মহাকুম্ভ ২০২৫ উপলক্ষে আকাশবাণী আৰু দূৰদৰ্শনৰ বিশেষ গীত মুকলি কৰে। অনুষ্ঠানৰ প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেগল, প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী, দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্রসাদ, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌৰ উপস্থিত থাকে। অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত মহাকুম্ভ অনুষ্ঠিত হ’ব।
Assamese | January 8, 2025 7:45 PM | Akashvani News | Kumbh Mela
মহাকুম্ভ ২০২৫ উপলক্ষে আকাশবাণী আৰু দূৰদৰ্শনৰ বিশেষ গীত মুকলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ