প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱ সমাজ বহু পৰিমাণে লাভান্বিত হৈছে। আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া অনুষ্ঠান মন কী বাতত আজি প্রধানমন্ত্রীয়ে কয় যে, দেশত বহু ক্ষেত্ৰত সংস্কাৰমূলক কাম-কাজ হৈছে আৰু এইসমূহ কাম-কাজে উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰিব। তেওঁ কয় যে, ২৩ আগষ্টত দেশবাসীয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিলে আৰু লগতে চন্দ্ৰযান-৩ৰ সাফল্যকো উদযাপন কৰিলে। যোৱা বছৰৰ ২৩ আগষ্টত চন্দ্ৰযান-৩য়ে জোনবাইৰ দক্ষিণ অংশত থকা শিৱশক্তি পইণ্টত সফলভাৱে অৱতৰণ কৰিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, এই সাফল্য অর্জন কৰা ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল। শ্ৰীমোদীয়ে আজিৰ অনুষ্ঠানত আই আই টি মাদ্ৰাজৰ একাংশ প্রাক্তন শিক্ষার্থীয়ে স্থাপন কৰা গেলেক্সি আই নামৰ মহাকাশ প্রযুক্তিৰ ষ্টাৰ্টআপটোৰ এটা দলৰ সৈতে মত বিনিময় কৰে। প্রধানমন্ত্ৰীয়ে কয় যে, মহাকাশ পৰিবেশ তন্ত্ৰ এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠিছে।
Assamese | August 25, 2024 6:45 PM | Mann Ki Baat
মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱ সমাজ বহু পৰিমাণে লাভান্বিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী