এটা সপ্তাহৰ পাছত আৰম্ভ হব লগা পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে, ভগৱান জগন্নাথে দেশবাসীক সদায়ে আশীর্বাদ দি থাকিব বুলি আশা প্রকাশ কৰে। তেওঁ অমৰনাথ যাত্ৰা আৰু পন্ধাৰপুৰৱাৰীত অংশ লোৱা তীর্থযাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্রী মোদীয়ে মন কী বাতৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পাই সন্তুষ্টি প্রকাশ কৰিছে। তেওঁ কয় যে, কেইমাহমানৰ বাবে মন কী বাত অনুষ্ঠান স্থগিত আছিল যদিও দেশত মন কী বাতৰ সন্দৰ্ভত এটা উৎসাহ আছিল আৰু সমাজে ইয়াক অবিশ্ৰান্তভাৱে আগবঢ়াই নিছে। তেওঁ কয় যে, মন কী বাতত বিকশিত ভাৰত নিৰ্মাণৰ বাবে দেশৰ চহকী সংস্কৃতি ইতিহাস আৰু প্ৰয়াসৰ সন্দৰ্ভত আলোচনা কৰা হ’ব ।
Assamese | June 30, 2024 5:52 PM | Maan ki Baat
মন কী বাতৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পাই প্রধানমন্ত্রী মোদীৰ সন্তুষ্টি প্রকাশ