উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই ADVANTAGE ASSAM শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। সন্মিলনখন সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে বৈঠকখনত পৰিকল্পনা প্রস্তুত কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ ভাৱাদৰ্শৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা পৰিকল্পনাসমূহৰ ৰূপায়ণ সন্দৰ্ভত বৈঠকখনত আলোচনা কৰা হয়। বৈঠকখনত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্রতাপ সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | February 2, 2025 7:46 PM | Bimal Bora
মন্ত্ৰী বিমল বৰাৰ ADVANTAGE ASSAMৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পৰ্যালোচনা বৈঠক