April 13, 2025 7:53 PM | Myanmar Earthquake

printer

মধ্য ম্যানমাৰত পুৱাৰ ভাগত ৫.৫ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰনি

মধ্য ম্যানমাৰত আজি পুৱাৰ ভাগত হোৱা ৫.৫ প্রাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। দেশখনৰ বতৰ বিজ্ঞান আৰু জল বিভাগে জনোৱা মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মান্দালায়ৰ পৰা প্ৰায় চাৰে ১৪ কিলোমিটাৰ দূৰত্বৰ উত্তৰ- ৰ-পূবৰ ওৱাণ্ডউইন চহৰ। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে স্থানীয় সময় মতে পুৱা প্ৰায় ১১ বজাত দেশখনৰ মধ্য ম্যানমাৰক ৰিখটাৰ স্কেলত ৫ প্রাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। উল্লেখযোগ্য যে বিগত মাহৰ ২৮ তাৰিখে ৭ .৭ প্রাবল্যৰ এটা শক্তিশালী ভূমিকম্পই দেশখন জোকাৰি গৈছিল। ইয়াৰ ফলত ৩৬৮৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫ হাজাৰ ২০ গৰাকী লোক আহত হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।