April 13, 2025 7:53 PM

views 46

মধ্য ম্যানমাৰত পুৱাৰ ভাগত ৫.৫ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰনি

মধ্য ম্যানমাৰত আজি পুৱাৰ ভাগত হোৱা ৫.৫ প্রাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। দেশখনৰ বতৰ বিজ্ঞান আৰু জল বিভাগে জনোৱা মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মান্দালায়ৰ পৰা প্ৰায় চাৰে ১৪ কিলোমিটাৰ দূৰত্বৰ উত্তৰ- ৰ-পূবৰ ওৱাণ্ডউইন চহৰ। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে স্থানীয় সময় মতে পুৱা প্ৰায় ১১ বজাত দেশখনৰ মধ্য ম্যানমাৰক ৰিখটাৰ স্কেলত ৫ প্রাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। উল্লেখযোগ্য যে বিগত মাহৰ ২৮ তাৰিখে ৭ .৭ প্রাবল্যৰ এটা শক্তিশালী ভূমিকম্পই দেশখন জোকাৰি গৈছিল। ইয়াৰ ফলত ৩৬৮৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগত...

April 9, 2025 8:32 AM

views 60

ম্যানমাৰত বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৪৫ লৈ বৃদ্ধি

■ ম্যানমাৰত শেহতীয়াকৈ অহা ৭.৭ প্রাবল্যৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৪৫লৈ বৃদ্ধি পাইছে। দেশখনৰ প্ৰশাসনিক পৰিষদে প্ৰকাশ কৰা অনুসৰি এই ভূমিকম্পত কমেও ৫,০১৭ জন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু ১৪৮ জন এতিয়াও সন্ধানহীন হৈ আছে। যোৱা ২৮ মাৰ্চত জোকাৰি যোৱা দুটাকৈ বিধ্বংসী ভূমিকম্পৰ পৰৱৰ্তী সময়ছোৱাত বৰ্তমানলৈকে ২.৮ৰ পৰা ৭.৫ প্রাবল্যৰ মুঠ ৯৮টা জোকাৰণি অনুভূত হৈছে বুলি ম্যানমাৰৰ বতৰ বিজ্ঞান আৰু জল বিজ্ঞান বিভাগে জানিবলৈ দিছে। এই ভূমিকম্পত দেশখনৰ প্ৰায়বোৰ অঞ্চলত বিশেষকৈ ৩খন মূল চহৰ ছাগায়িং, মা...

April 6, 2025 9:05 PM

views 30

ভূঁইকপ বিধ্বস্ত ম্যানমাৰত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি

ভূঁইকপ বিধ্বস্ত ম্যানমাৰৰ কিছু অংশত হোৱা প্ৰৱল বৰষুণৰ ফলত সাহায্য অভিযানত জটিলতা অহাৰ লগতে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি পাইছে। যোৱা ২৮ মাৰ্চত ৰিখটাৰ স্কেলত ৭.৭ প্ৰাৱল্যত হোৱা ভূমিকম্পত দেশখনত এতিয়ালৈকে ৩,৪৭১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৪,৬০০ গৰাকী লোক আঘাতপ্রাপ্ত হৈছে আৰু ২১৪ গৰাকী বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে। ভূমিকম্পটোৰ অভিকেন্দ্ৰৰ সমীপৰ মান্দালয়ত হোৱা বৰষুণ আৰু প্ৰচণ্ড ধুমুহাই আশ্রয় শিৱিৰসমূহৰ যথেষ্ট ক্ষতিসাধন কৰিছে। ইয়াৰ ফলত কলেৰা আৰু অন্যান্য ৰোগসমূহ বৃদ্ধি পোৱাৰো আশংকা কৰা ...

April 2, 2025 12:56 PM

views 51

ম্যানমাৰৰ ভূমিকম্পৰ দুৰ্গতসকলৰ সন্ধান-উদ্ধাৰ আৰু চিকিৎসা সম্বন্ধীয় সাহায্যৰ বাবে ভাৰতৰ অপাৰেচন ব্ৰহ্ম আৰম্ভ

ম্যানমাৰত যোৱা সপ্তাহত সংঘটিত ভয়াৱহ ভূমিকম্পত বৰ্তমানলৈ ২৭০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাইছে। কালি ম্যানমাৰৰ সামৰিক নেতা মিন আং হ্লেইঙে কয় যে নিহতৰ সংখ্যা ২৭১৯ জন হৈছেগৈ আৰু এই সংখ্যা তিনি হাজাৰৰো অধিক হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ভূমিকম্পত ৪৫২১জন লোক আহত হৈছে আৰু ৪৪১জন এতিয়াও নিৰুদ্দেশ হৈ আছে। ইফালে দেশখনত উদ্ধাৰ অভিযান পূর্ণগতিত চলি আছে। দেশখনত সন্ধান আৰু উদ্ধাৰ অভিযান, মানৱীয় সাহায্য, দুর্যোগ সাহায্য আৰু চিকিৎসা সাহায্যকে ধৰি প্ৰয়োজনীয় সকলোপ্ৰকাৰৰ সহায় আগবঢ়াবলৈ ভাৰতে ইতিমধ্যে অপাৰেচন ...

April 1, 2025 7:55 PM

views 41

ম্যানমাৰৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৭০০ অতিক্ৰম

ম্যানমাৰত যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২ হেজাৰ ৭০০ অতিক্ৰম কৰিছে। ম্যানমাৰৰ সামৰিক নেতা মীন আং হ্লাইনে আজি টেলিভিছনযোগে দিয়া ভাষণত এইকথা প্ৰকাশ কৰে। তেওঁ লগতে এই ভূমিকম্পত নিহতৰ সংখ্যা ৩ হাজাৰ অতিক্ৰ কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰে। ভূমিকম্পৰ ফলত ৪ হাজাৰ ৫২১ জন আহত হোৱা বুলি আৰু ৪৪১ জন লোক সন্ধানহীন হৈ থকা বুলি তেওঁ প্ৰকাশ কৰে। শুকুৰবাৰে দেশখনৰ মাণ্ডলে অঞ্চলত ৭ দশমিক ৭ প্ৰাৱল্যৰ ভূমিকম্প আহিছিল। ইয়াৰ কেইমিনিটমান পাছত অঞ্চলটোত ৬ দশমিক ৪ প্ৰাৱল্যৰ আৰু এটা ভূইকপৰ জোকাৰণি অনু...

March 29, 2025 11:38 AM

views 45

ম্যানমাৰত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৪ লৈ বৃদ্ধি

ম্যানমাৰত কালিৰ প্ৰলয়ংকাৰী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৪ লৈ বৃদ্ধি পাইছে। ইপিনে বেংককত এটা নির্মীয়মান সুউচ্চ অট্টালিকাৰ ধ্বংসস্তূপৰ মাজৰ পৰা কমেও দহজন লোকক উদ্ধাৰ কৰা হৈছে। ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্বিক জৰীপ বিভাগে আংশকা প্রকাশ কৰিছে। ভাৰতে ম্যানমাৰলৈ প্ৰায় ১৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। হিন্দন বায়ুসেনা কেন্দ্ৰৰ পৰা এই সামগ্ৰীখিনি বায়ুসেনাৰ বিমানেৰে ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে। সাহায্য সামগ্ৰীসমূহৰ ভিতৰত শিপিং বেগ, টেণ...