September 6, 2026 8:08 PM | Manipur New Voter List

printer

মণিপুৰত নতুনকৈ প্ৰকাশিত ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে

মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত আজি প্ৰকাশ কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে।

মুখ্য নির্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে ২০২৬ চনৰ পহিলা জুলাই পর্যন্ত মণিপুৰত মুঠ ১৯,৬০,৬২০গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে ১০,০৬,৯৬২গৰাকী মহিলা, ৯,৫৩,৩৫০ গৰাকী পুৰুষ আৰু ৩০৮ গৰাকী তৃতীয় লিংগ ভোটদাতা আছে।

তেওঁ কয়, যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে ১০৫৬। ই ৰাষ্টীয় গড় অনুপাততকৈ যথেষ্ট অধিক বুলি মুখ্য নির্বাচন বিষয়াগৰাকীয়ে মন্তব্য কৰে।

তেওঁ কয়, যে খচৰা ভোটাৰ তালিকাত মুঠ ৫৬,৮৭১গৰাকী ভোটদাতাৰ নাম অন্তর্ভুক্ত কৰা হৈছিল আৰু মুঠ ৩০,৬৫০ গৰাকী ভোটদাতাৰ নাম তালিকাৰ পৰা বাদ দিয়া হয়। মুঠ ১,৫৮,৬৭৭গৰাকী ভোটদাতাৰ গণনা প্ৰপত্ৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়।