October 16, 2026 11:12 AM | EC/SSR

printer

ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী কৰিবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে অসমসহ দেশৰ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অহা বছৰৰ পহিলা জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী কৰিবলৈ নিৰ্দেশ দিছে। বাকী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত বিহাৰ, ছত্তিশগড়, গোৱা, গুজৰাট, কেৰলম, মধ্য প্ৰদেশ, মণিপুৰ, পাঞ্জাৱ, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পুডুচেৰী, লাক্ষাদ্বীপ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে আয়োগে যোৱা ২৯ ছেপ্তেম্বৰত ভোটাৰ তালিকাৰ পৰা বাদ পৰি যোৱা যোগ্য যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ লাভ কৰা ভোটদাতাসকলৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। আয়োগে লগতে হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু লাডাখত বৰ্তমানলৈকে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই আৰু তাত ভোটাৰ তালিকা সংশোধনৰ সূচী নিৰ্দিষ্ট সময়ত ঘোষণা কৰা হ’ব ।

আয়োগে প্ৰকাশ কৰা মতে কোনো এটা বিধানসভা সমষ্টিত যোগ্য ভোটদাতাৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা বাদ পৰি নাযায় আৰু অযোগ্য ব্যক্তিৰ নাম তালিকাত অন্তৰ্ভুক্ত নহয় সেয়া নিশ্চিত কৰাটো সংশ্লিষ্ট নির্বাচনী পঞ্জীয়ন বিষয়াৰ দায়িত্ব হ’ব। বিশেষ সংক্ষিপ্ত সংশোধনৰ সময়ত বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ ভোটাৰ তালিকা পৰীক্ষা নকৰে। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে যুৱ আৰু প্ৰথমবাৰৰ বাবে যোগ্য বিবেচিত ভোটদাতাসকলৰ সুবিধার্থে ২০২৭ বৰ্ষৰ পহিলা জানুৱাৰীৰ উপৰি পহিলা এপ্ৰিল, পহিলা জুলাই আৰু পহিলা অক্টোবৰত যোগ্যতা লাভ কৰিবলগীয়া নাগৰিকসকলে ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ বাবে আগতীয়াকৈ আবেদন দাখিল কৰিব পাৰিব। ইয়াৰ বাবে জিলা পৰ্যায়ত সাহায্য কেন্দ্র স্থাপন কৰা হ’ব। এই কেন্দ্ৰসমূহত প্ৰবাসী, দুৰ্বল আৰু উপান্ত শ্ৰেণীৰ জনসাধাৰণক নাম পঞ্জীয়নত সহায় কৰা হ’ব।