উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি কয় যে ভোটদান হৈছে গণতন্ত্ৰৰ ভেটি আৰু অক্সিজেন। নতুন দিল্লীৰ নর্থ এভিনিউ ভোটদান কেন্দ্ৰত ভোটৰ অধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীধনখড়ে কয় যে সকলো অধিকাৰৰ ভিতৰত ভোটদান হৈছে এটা অন্যতম মৌলিক অধিকাৰ আৰু কোনো অধিকাৰেই ইয়াৰ উৰ্ধত নহয়। তেওঁ কয় যে বিশ্বৰ ভিতৰত ভাৰত হৈছে সবাতোকৈ পুৰণি আৰু প্ৰাণৱন্ত গণতন্ত্ৰ য’ত ভোটদানৰ জৰিয়তে শাসনভাৰৰ পৰিৱৰ্তন হয়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা পদক্ষেপৰো শলাগ লয় আৰু জনসাধাৰণক নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
Assamese | February 5, 2025 7:43 PM | Vice President
ভোটদান হৈছে গণতন্ত্ৰৰ ভেটি আৰু অক্সিজেন : উপ-ৰাষ্ট্ৰপতি