ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলছি ৰ’ড্রিগেজৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আলোচনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলছি ৰ’ড্রিগেজৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে বৈদেশিক পৰিক্ৰমা ম্যালয়ে কয়, যে নেতা দুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰ্যালোচনা কৰি শক্তি, বাণিজ্য, বিনিয়োগ, স্বাস্থ্য সেবা, অট’মোবাইলছ আদিৰ ক্ষেত্রত সহযোগিতাৰ পথ অন্বেষণ কৰে।

আলোচনাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি সচিব কণ্ডে টেণ্ডনে কয়, যে ভেনিজুৱেলাত বিশ্বৰ ভিতৰত এক বৃহৎ পৰিমাণৰ খাৰুৱা তেল মজুত আছে। তেওঁ কয়, যে আজি দুয়ো পক্ষৰ মাজৰ আলোচনাত দুয়োখন দেশৰ মাজত শক্তিৰ অংশীদাৰিত্ব গঢ়িতোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁ আৰু কয়, যে ভেনিজুবেলাই ভাৰতক অনাগত বহু বছৰলৈ সুস্থিৰ দাবীদাৰ বুলি গণ্য কৰে। টেণ্ডনে জনোৱা অনুসৰি শক্তি অংশীদাৰিত্বৰ উপৰি পশুপালন, পৰিবহন, কৃষি সঁজুলি আৰু ঔষধৰ ক্ষেত্ৰত অর্থনৈতিক অংশীদাৰিত্ব প্ৰসাৰ কৰাৰ দিশতো আলোচনা কৰা হয়। আলোচনাকালত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ্জৰিত গোলকীয় আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে।