October 2, 2026 10:38 AM | Assam Convoy SOP

printer

ভি আই পিৰ কনভয়ক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ নির্দেশনা

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ ভি আই পিৰ কনভয়ক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ভি আই পিৰ কনভয়ৰ বাবে কোনো কাৰণতে এম্বুলেন্স, অগ্নিনির্বাপক সেৱাৰ বাহন আৰু আন জৰুৰীকালীন সেৱাৰ বাহন আবদ্ধ কৰি ৰাখিব নোৱাৰিব।

নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি যিকোনো কনভয় গৈ থকাৰ সময়ত এম্বুলেন্স, অগ্নিনির্বাপন সেৱাৰ বাহন আৰু আৰক্ষীৰ সঁহাৰি গোটৰ বাহনৰ দৰে জৰুৰীকালীন সেৱাৰ বাহনসমূহক সকলো সময়তে চলাচলৰ অনুমতি প্রদান কৰিব লাগিব।

যান-বাহন আৰক্ষীয়ে ভি আই পিৰ কনভয় সুকলমে অতিক্ৰম কৰাৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ ফলত জৰুৰীকালীন সেৱাৰ বাহন পাৰ হৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হ’ব নালাগিব বুলি নির্দেশনা স্পষ্ট কৰি দিয়া হৈছে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰয়োজনত ভি আই পিৰ কনভয় স্তব্ধ কৰি হ’লেও জৰুৰীকালীন সেৱাৰ বাহনসমূহ সুচলভাবে চলাচল কৰিবলৈ অনুমতি দিব লাগিব বুলি নির্দেশনাত উল্লেখ কৰা হৈছে। এই নীতি-নির্দেশনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সোৱাহ নাথাকে সেয়া দায়িত্ববাহী বিষয়াসকলে ব্যক্তিগতভাবে নিৰীক্ষণ কৰিব লাগিব।

কনভয় কোনো পথেৰে অতিক্ৰম কৰাৰ সময়ত আঁসোৱাহ থাকি গলে সংশ্লিষ্ট বিষয়াগৰাকী দায়বদ্ধ হ’ব বুলি নির্দেশনাটোত উল্লেখ কৰা হৈছে। ইপিনে, মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ সংখ্যা ন্যূনতম কৰিবলৈ সংশ্লিষ্ট আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়ে অংশগ্রহণ কৰিবলগীয়া অনুষ্ঠানত উপস্থিত থাকিবলগীয়া মন্ত্রী, বিধায়ক, বিষয়া আৰু আন অতিথিৰ বাহনসমূহ মুখ্যমন্ত্ৰীৰ কনভয়ৰ সৈতে একেলগে যাত্রা কৰিব নোৱাৰিব আৰু এনে অতিথি বা মন্ত্রী-বিধায়ক-বিষয়াৰ বাহনসমূহ মুখ্যমন্ত্ৰীৰ কনভয়ৰ পূর্বে অথবা সুকীয়াকৈ চলাচল কৰিব লাগিব বুলিও নির্দেশনাটোত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিবে জাৰি কৰা এই নির্দেশনাত সংশ্লিষ্ট নীতি-নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰিবলৈ কোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।